August 11, 2024 11:34 AM

views 13

প্রাক্তন বিদেশ মন্ত্রী কে. নটৱৰ সিঙৰ দেহাৱসান

প্রাক্তন বিদেশ মন্ত্রী কে. নটৱৰ সিঙৰ যোৱানিশা দিল্লীৰ সমীপৰ গুৰুগ্ৰামত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ। প্ৰাক্তন বিদেশ মন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে, নটৱৰ সিঙৰ অন্তিম সংস্কাৰ আজি দিল্লীত সম্পন্ন কৰা হ'ব। নটৱৰ সিঙে ৰাজস্থানৰ ভৰতপুৰ জিলাত ১৯৩১ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁক ১৯৮৪ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। প্ৰাক্তন বিদেশ মন্ত্ৰীগৰাকীয়ে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।