June 17, 2024 8:44 PM June 17, 2024 8:44 PM

views 12

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২২সংখ্যক ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত-নাট-কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সুন্দৰৰ পূজাৰীগৰাকীৰ ১৯০৩ চনত ডিব্ৰুগড়ত তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল। জন্মদিন উপলক্ষে আজি জয়মতী নির্মাণস্থলী গহপুৰৰ ভোলাগুৰিত ৰূপকোঁৱৰক স্মৰণ কৰি গুণমুগ্ধসকলে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে ৰূপকোঁৱৰৰ আবক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বল...