December 19, 2025 7:59 PM

views 7

হস্ততাঁত আৰু হস্তশিল্প ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজিত বৈঠকত জ্যোতিৰাদিত্য সিন্ধিয়াৰ অংশগ্ৰহণ

 উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অঞ্চলটোৰ হস্ততাঁত আৰু হস্তশিল্প ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি ভার্চুবেল ব্যৱস্থাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাগ লয়। শ্রীসিন্ধিয়াই কয় যে এই বৈঠকত দক্ষতা বিকাশ, মান প্রমাণিকৰণ আৰু অঞ্চলটোত উপলব্ধ দীর্ঘদিনলৈ ব্যৱহাৰযোগ্য আঁহ আৰু ৰঙৰ সন্দৰ্ভত বিশেষ গুৰুত্ব দিয়া হয়। বৈঠকত ই-কমাৰ্চৰ জৰিয়তে কেনেদৰে থলুৱা সামগ্ৰীসমূহৰ বজাৰ সম্প্ৰসাৰণ কৰিব পৰা যায় সেই সন্দর্ভতো আলোচনা কৰা হয়।