January 6, 2026 12:42 PM

views 14

জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীৰ পৰা গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্রদর্শন হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা কালি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শ্বোকিৰ খুলিক'ভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্র চানডে প্ৰদৰ্শন কৰা হ'ব। আলৰেজা ঘাছেমি আৰু ৰাহা আমিৰ ফজলীৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্র ইন দ্য লেণ্ড অব ব্ৰাডাৰ্ছৰ...