December 23, 2025 11:45 AM December 23, 2025 11:45 AM

views 3

২৯ ডিচেম্বৰত মুকলি হ’ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়; চূড়ান্ত পৰ্যায়ৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীৰ খানাপাৰাত অহা ২৯ ডিচেম্বৰত উদ্বোধন কৰিবলগীয়া নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱন নিৰ্মাণৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজ কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে দুয়োটা স্থান পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে পাঁচ হাজাৰখন আসনযুক্ত জ্যোতি বিষ্ণু প্রেক্ষাগৃহ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। প্ৰেক্ষাগৃহটোত সন্মিলন ভৱন, বহুখলপ...