July 15, 2024 7:54 PM

views 17

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামৰ শিৱসাগৰ ভ্ৰমণ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা পৰিভ্ৰমণ কৰে। দিনজোৰা ভ্ৰমণসূচীৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পর্যালোচনা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধবজাবাহী আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ সাধাৰণ ৰাইজৰ সমস্যা সন্দৰ্ভত বিভিন্নজনৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, স্মাৰক পত্ৰত উল্লেখ কৰা সমস্যা সন্...

July 14, 2024 7:46 PM

views 36

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ৩ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসমত উপস্থিত

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ৩ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে। শিৱসাগৰ জিলাত কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শ্রমিক কল্যাণ মন্ত্রী সঞ্জয় কিষাণে ডিব্ৰুগড় বিমানবন্দৰত আদৰণি জনায়। বিধায়ক শ্রীপ্রশান্ত ফুকন আৰু বিজেপিৰ কিছুসংখ্যক কার্যকৰ্তাই মন্ত্ৰী দুগৰাকীক সংগ দিয়ে।