January 22, 2026 12:01 PM

views 6

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৫জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি গ্ৰহণ কৰা হ'ব। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰা পাঁচজনীয়া বিশেষ লোক অধিবক্তাৰ দলে আজি এই অভিযুক্তসকলৰ জামিনৰ বিৰোধিতাৰে আদালতত লিখিত আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কীয় গোচৰত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান বাক্সা জিলা কা...

January 11, 2026 9:14 PM

views 14

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি-জাৰি চাব পৰা যাব বুলি জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ প্ৰকাশ

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি-জাৰি চাব পৰা যাব বুলি ৰাজ্য চৰকাৰে এই গোচৰত লোক অধিবক্তাৰ দায়িত্ব অর্পণ কৰা জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে প্ৰকাশ কৰিছে। আজি সাংবাদিকৰ আগত অধিবক্তাগৰাকীয়ে কয় যে গোচৰ সংক্ৰান্তত আদালতত আইনগত প্রত্যাহ্বান থাকিব যদিও অভিযোগনামাখন বিস্তৃতভাবে পঢ়ি চোৱাৰ পাছত সকলো কথা স্পষ্টকৈ ধাৰণা কৰিব পৰা যাব। ১৭ জানুৱাৰীত গোচৰৰ পৰৱৰ্তী শুনানিৰ বিষয়ে উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয় যে আদালতত এই গোচৰটোৰ শুনানিৰ পূৰ্বৰ প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হ'ব। উল্লে...

January 3, 2026 7:35 PM

views 12

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৭ জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানী গ্রহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৭ জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানী গ্রহণ কৰা হয়। শুনানী কালত কাৰাৰুদ্ধ ৭ গৰাকী অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ ভার্চুৱেল ব্যৱস্থাৰে শুনানী গ্রহণ কৰে। অভিযুক্তকেইজনৰ হৈ তেওঁলোকৰ অধিবক্তাই জামিন আৱেদন দাখিল কৰে। অমৃতপ্রভা মহন্তৰ লগতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে নিজাববীয়াকৈ অধিবক্তা লাভ কৰিছে। স...

January 3, 2026 6:47 PM

views 12

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে আজি কিছুসময়ৰ পাছতে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ কৰা হ'ব। এই শুনানিত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্তসহ আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোনটো ধাৰাত বিচাৰ চলিব সেয়া নিশ্চিত কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আজিৰ শুনানিত চৰকাৰী পক্ষৰ অধিবক্তাই অতিৰিক্ত সময় লোৱাৰো সুযোগ থাকিব। নিয়ম অনুসৰি কি ধাৰাত বিচাৰ চলিব সেই বিষয়ে গ্রহণ কৰা শুনানিত অভিযুক্তই আদালতত সোঁশৰীৰে উপস্থিত থাকিব লাগে যদিও আইন শৃংখলাজন...

December 23, 2025 12:13 AM

views 13

জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতিৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতৰ নিযুক্তিৰ নিৰ্দেশ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতে নিযুক্তিৰ নিৰ্দেশ দিছে। অধিবক্তা প্রবীন কুমাৰ শৰ্মা আৰু অমিতাভ বৰুৱাক অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে নিযুক্তি দিয়া হৈছে। দুয়োগৰাকী অধিবক্তাই ইতিমধ্যে জিলা আইন সেৱা প্ৰাধিকৰণে নিযুক্তি দিয়া অধিবক্তা ধ্ৰুৱজ্যোতি দাসক সহযোগ কৰিব। উল্লেখযোগ্য যে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত প্ৰথমটো...

November 4, 2025 11:06 AM

views 34

■ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সাক্ষ্য গ্রহণৰ বাবে ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে অহা ২১ নৱেম্বৰলৈ সাক্ষ্য গ্ৰহণ কৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্রামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। দিনৰ ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই সাক্ষ্য গ্ৰহণ কৰা হ'ব। অৱশ্যে কালি প্ৰথমদিনা আয়োগৰ সন্মুখত কোনো লোকে সাক্ষ্য প্রদান নকৰিলে। উল্লেখযোগ্য যে এই আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰিটা মূল বিষয়ৰ তদন্ত কৰিব। ইপিনে, কালি এছ আই ট...

October 24, 2025 6:47 PM

views 24

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য হৈছে। ডিমৰীয়া সম-জিলাৰ আয়ুক্ত বিশ্বজিৎ শ‍ইকীয়াই এই সন্দৰ্ভত কয়, যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৱিত্ৰতা আৰু শৃংখলা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈহে দর্শনার্থীয়ে সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সেই অনুসৰি আজি নিশা ১০ বজাৰ পাছত সমাধিস্থলীৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব বুলি ডিমৰীয়া সম-জিলাৰ আয়ুক্তগৰাকীয়ে কয়।

October 21, 2025 6:34 PM

views 49

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ ছিংগাপুৰ আৰক্ষীৰে আলোচনা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হয়। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰণ গোৱেলে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যাবতীয় তথ্য সংগ্ৰহ কৰে। ছিংগাপুৰ আৰক্ষীৰ সৈতে এছ আই টিৰ বিষয়া দুগৰাকীয়ে প্রায় ৩ ঘণ্টা আলোচনাত মিলিত হোৱাৰ পাছত আৰক্ষীয়ে এছ আই টিক সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ৩ মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ প্রতিবেদন দাখিল কৰিব ব...

October 21, 2025 11:34 AM

views 29

জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা সোণাপুৰৰ কমাৰকুছি স্থানক জুবিনক্ষেত্র হিচাপে পৰিচিত হোৱাটো বিচাৰে বুলি গৰিমা গার্গৰ প্রকাশ

 সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধি ক্ষেত্র নির্মাণক লৈ কালি শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত, অভিনেতা প্রাঞ্জল শইকীয়া, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ভাস্কর্য শিল্পী বীৰেন সিংহ, সংগীত শিল্পী পুলক বেনাৰ্জীকে ধৰি সমিতিখনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা কথা বার্তাত গৰিমা গার্গে কয়, যে জুবিন গাৰ্গক নবপ্রজন্মৰ আগত চিনাকী কৰি দিব পৰাকৈ সকলো সমল সমাধিক্ষেত্র...

October 20, 2025 11:51 AM

views 35

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট আজি ছিংগাপুৰলৈ ৰাওনা

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আজি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট ছিংগাপুৰলৈ ৰাওনা হ'ব। এছ আই টিৰ মুৰববী মুন্নাপ্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ দুজনীয়া দলটোৱে ছিংগাপুৰত গৈ জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব। এছ আই টিৰ দলটোৱে কাইলৈ ছিংগাপুৰৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিকভাবে মিলিত হ'ব। অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জৰিয়তে ছিংগাপুৰ এটর্নী জেনেৰেললৈ তদন্তত সহযোগ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ছিংগাপুৰ আৰক্ষীয়ে এছ আই টিক সহযোগ কৰাৰ সেউজ সংকেত প্রদান কৰে। ইয়াৰ পাছতে আজি...