November 11, 2024 6:39 PM

views 9

দেশৰ ৫১সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ শপতগ্ৰহণ

ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। উল্লেখযোগ্য যে শ্রী খান্না ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ স্থলাভিষিক্ত হৈছে। ১৯৬০ চনৰ ১৪ মে'ত জন্মগ্ৰহণ কৰা ন্যায়াধীশ সঞ্জীৱ খান্নাই ১৯৮৩ চনত দিল্লী বাৰ কাউন্সিলত অধিবক্তা হিচাপে কৰ্মজীৱন আৰ...