October 10, 2025 1:42 PM

views 52

শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু

■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত ২৮ টাকৈ চৰকাৰী-বেচৰকাৰী বিভাগ তথা বিষয়াৰ ছীল-মোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বৰ...

October 8, 2025 6:14 PM

views 41

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে ৭ দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ...

October 7, 2025 7:27 PM

views 62

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্রক্রিয়া অব্যাহত আছে। ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়া ৰূপকমল কলিতা আজি উলুবাৰীস্থিত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক প্রায় ছঘণ্টা ধৰি সোধা-পোচা কৰাৰ অন্তত যাবলৈ দিয়ে। উল্লেখযোগ্য যে এই গোচৰ সন্দৰ্ভত এছ আই টিয়ে ছিংগাপুৰত থকা ৮জন প্রবাসী অসমীয়াক ৬ অক্টোবৰত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল। এইসকলৰ ভিতৰত কেবল ৰূপকমল কলিতাহে আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। ইপিনে, চৰকাৰীভাবে নিয়ো...

October 7, 2025 12:39 PM

views 75

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

● জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আছ আই টিয়ে কালি জুবিন গাৰ্গৰ ষ্টুডিঅৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। এছ. আই. টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো কালি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল...

October 1, 2025 5:11 PM

views 80

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

■ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰি আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাই চি আই ডিৰ কাৰ্যালয়লৈ লৈ আহে। আজি আদালত বন্ধ থকা হেতুকে তেওঁলোকক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ছিংগাপুৰত বিশেষ পৰিস্থিতিত জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়...

September 30, 2025 6:49 PM

views 46

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা হয়। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ বিষয়াইও দিল্লীত ঘটনাৰ অনুসন্ধানৰ বাবে উপস্থিত আছে। জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে দাখিল কৰা এজাহাৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আনুষ্ঠানিকভাৱে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ ল...

September 30, 2025 12:45 PM

views 43

শিল্পী জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দিপন গাৰ্গক বিশেষ তদন্তকাৰী গোটৰ সোধাপোছা আৰম্ভ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধন শাখাৰ দুগৰাকী বিষয়া ৰাওনা হ'ব। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ বিষয়াইও দিল্লীত ঘটনাৰ অনুসন্ধাৰ বাবে উপস্থিত আছে। ইপিনে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান জনাবলৈ কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ক আনুষ্ঠানিকভাৱে আবেদন জনাইছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যা...