January 22, 2026 12:01 PM

views 16

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৫জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি গ্ৰহণ কৰা হ'ব। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰা পাঁচজনীয়া বিশেষ লোক অধিবক্তাৰ দলে আজি এই অভিযুক্তসকলৰ জামিনৰ বিৰোধিতাৰে আদালতত লিখিত আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কীয় গোচৰত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান বাক্সা জিলা কা...

January 19, 2026 6:50 PM

views 16

শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শ‍ইকীয়া গাৰ্গৰ পাণবজাৰ থানাত এজাহাৰ

জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইতিমধ্যে গৰিমা শ‍ইকীয়া গাৰ্গৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে। গুৱাহাটীৰ পাথৰকুৱেৰীৰ নিলাচল এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে তেওঁক আটক কৰে। আৰক্ষীয়ে বিতর্কিত মহিলাগৰাকীক আটক কৰাৰ পাছত গৰিমা শ‍ইকীয়া গা...

January 13, 2026 8:38 PM

views 17

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদন মৰ্মে ৰাজ্যপালগৰাকীয়ে ৫গৰাকী অধিবক্তাক আজি বিশেষ ওকালতিৰ দায়িত্ব অর্পণ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ওকালতি কৰাৰ বাবে জিয়াউল কামাৰ ক বিশেষ লোক ফৰিয়াদি হিচাপে নিযুক্তিত অনুমোদন দিয়া হৈছে। একেদৰে তেওঁক সহায় কৰাৰ বাবে অতিৰিক্ত লোক ফৰিয়াদি হিচাপে ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, সহকাৰী বিশেষ লোক ফৰিয়াদি হিচাপে কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু ...

December 22, 2025 9:00 PM

views 18

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ কৰা হয়। আজি শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং উপ-কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনা অভিযুক্তকেইজনৰ ওপৰত গোচৰৰ...

December 6, 2025 6:58 PM

views 35

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি উলুবাৰীত থকা চি আই দিৰ কাৰ্যালয়ত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত ...

November 25, 2025 12:26 PM

views 37

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিল্পীগৰাকীৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানৰ সদস্য আদিয়ে ১২ ডিচেম্বৰলৈকে তথ্য বা শপতনামা প্ৰদান কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই আয়োগত তথ্য দাখিলৰ সময়সীমা ২১ নৱেম্বৰলৈকে নিৰ্ধাৰণ কৰা হৈছিল। ২১ নৱেম্বৰ পৰ্যন্ত আয়োগৰ সন্মুখত ৩৯ খন শপতনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে ন্যায়াধীশ শ‍ইকীয়াই তিনি নৱেম্বৰত আনুষ্ঠানিকভাৱে আয়োগৰ কাম আৰম্ভ ...

November 17, 2025 6:01 PM

views 36

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ ওপজা দিন উদযাপন কৰিবলৈ লৈছে। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রীয়ে ইতিপূর্বে প্রকাশ কৰিছে। ৰাজ্যিক বিজেপিয়ে কাইলৈ ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান আৰু তেজৰ গ্ৰুপ চিনাক্ত কৰাৰ বাবে জীৱন সুৰভি নামেৰে শিবিৰৰ আয়োজন কৰিছে। দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই কাইলৈ পুৱা ৯ ব...

November 17, 2025 5:38 PM

views 56

কাইলৈ জুবিন গাৰ্গৰ ওপজা দিন

জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জু...

November 10, 2025 7:18 PM

views 34

শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব

প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব । কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজিত জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক অনুষ্ঠানত জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক, আধুনিক, লোকসংগীত, জনজাতীয় গীতকে ধৰি সকলো ধৰণৰ প্ৰায় দুকুৰি গীত শিল্পীসকলে পৰিৱশন কৰিব। কণ্ঠশিল্পীসকলৰ সামূহিক প্ৰচেষ্টাত আয়োজিত এই ব্যতিক্রমী শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি ...

October 27, 2025 6:17 PM

views 39

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্তৰ বাবে সাজু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে মূলত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য আৰু পৰিস্থিতি সম্পৰ্কীয় ৪ টা বিষয়ক তদন্তত সামৰি ল'ব। আয়োগে ছিংগাপুৰত ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ সকলোবোৰ পৰিঘটনাৰ ক্রম নির্ণয় কৰিব। তদুপৰি তদন্তত ৰৈ যোৱ...