October 28, 2025 8:00 PM October 28, 2025 8:00 PM

views 13

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জন ব্যক্তিক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ষট পূজা উপলক্ষে আজি আদালতৰ কাম-কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে কালিয়েই পাঁচোজন অভিযুক্তক ভার্চুবেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱা হয়। পাছত আদালতে আটাইকেইজন অভিযুক্তকে পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে বিশিষ...