March 17, 2025 5:43 PM March 17, 2025 5:43 PM
3
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে জয়মাল্য বাগচিৰ শপত গ্ৰহণ
ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জয়মাল্য বাগচিক আজি উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে শপতবাক্য পাঠ কৰোৱায়। উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলৰ উপস্থিতিত সৰ্বোচ্চ ন্যায়ালয়খনৰ চৌহদত আজি এই শপত গ্রহণ অনুষ্ঠান সম্পন্ন হয়। ন্যায়াধীশ বাগচিৰ নিযুক্তিৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ বাবে নিৰ্দিষ্ট ন্যায়াধীশৰ ৩৪টা পদৰ বিপৰীতে বৰ্তমানলৈ ৩৩ গৰাকী ন্যায়াধীশক নিযুক্তি দিয়া হ'ল। নতুনকৈ নিযুক্তি লাভ কৰা ন্যায়াধীশগৰাকীয়ে ৬ বছৰতকৈও অধিক কাল দেশৰ সৰ্বোচ্চ ...