July 22, 2025 1:27 PM July 22, 2025 1:27 PM
15
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ
ন্যায়াধীশ আশুতোষ কুমাৰে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ আশুতোষ কুমাৰ ইয়াৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অধিবক্তা আৰু জ্যেষ্ঠ বিষয়াসকল উপস...