March 18, 2025 1:28 PM

views 16

অভিনেত্রী জুৰী শৰ্মালৈ ২০২৪ বৰ্ষৰ উৎকর্ষ বঁটা

মঞ্চ, অনাতাঁৰ আৰু চলচ্চিত্ৰৰ যশস্বী অভিনেত্রী বীণা প্ৰসাদৰ স্মৃতিত পৰিয়াল আৰু গুণমুগ্ধসকলে প্ৰদান কৰি অহা উৎকর্ষ বঁটা ২০২৪ বৰ্ষৰ বাবে অভিনেত্রী জুৰী শৰ্মালৈ আগবঢ়োৱা হৈছে। অহা ৩০ মার্চত গুৱাহাটীৰ নিউ আর্ট প্লেয়াৰছৰ সাংস্কৃতিক প্ৰকল্পৰ প্রেক্ষাগৃহত সন্ধিয়া এই বঁটা প্ৰদান কৰা হ'ব। বিশিষ্ট সাহিত্যিক ড° তিলোত্তমা মিশ্ৰই অভিনেত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰিব।