September 24, 2025 1:01 PM

views 14

৩৬ সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাত অসমৰ সুন্দৰ প্ৰদৰ্শন

ঝাৰখণ্ডৰ ৰাঁছীত অনুষ্ঠিত ৩৬ সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাত অসমে সুন্দৰ প্ৰদৰ্শনেৰে এইপর্যন্ত ২৫টা পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাখনৰ প্ৰথম দিনা ১৪টা পদক অৰ্জন কৰা অসমে কালি দ্বিতীয় দিনা ৪টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। কালি অসমৰ হৈ ১৮ বছৰ অনুৰ্ধৰ ল'ৰাৰ ৫ হাজাৰ মিটাৰ খোজকঢ়াত ফিদৌচ আলম, লং জাম্পত জ্যোতিষ্মান বৰুৱা, ১৮ বছৰ অনুৰ্ধৰ ছোৱালীৰ ৩ কিলোমিটাৰ খোজকঢ়াত সূপৰ্ণা দাস আৰু ৪x১০০ মিটাৰ ৰীলে দৌৰত অসমে সোণৰ পদক অৰ্জন কৰে। ১৬ বছৰ অনুৰ্ধৰ ছোৱালীৰ ৬০০ মিটাৰ দৌৰ...