January 24, 2026 12:40 PM

views 38

ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি পৰিব। মেলাৰ মুখ্য আকর্ষণ ঐতিহাসিক বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে থলুৱাভাবে উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰী ভৈয়ামৰ লোকসকলৰ অন্যান্য সামগ্ৰীৰ সৈতে আদান-প্রদান কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। গোভা ৰজা দীপসিং দেওৰজাই সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে। এই মেলাৰ সৈতে সংগতি ৰাখি তিৱা আৰু অসমীয়া ভাষাৰ কবি সম্মিলন, বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু ...

January 23, 2026 7:20 PM

views 31

ঐতিহাসিক বিনিময় প্রথাৰে জাগীৰোডত জোনবিল মেলাৰ হাট মুকলি

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মুকলি কৰা বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্রী আদান-প্রদান কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। গোভা ৰজা দীপসিং দেওৰজাই সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে। এই মেলাৰ সৈতে সংগতি ৰাখি তিৱা আৰু অসমীয়া ভাষাৰ কবি ...