October 3, 2025 9:42 PM October 3, 2025 9:42 PM

views 19

জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত, বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিয়ে কালি নিশা গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে পুৱা দুয়োকে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায় । পিছত আদালতে অভিযুক্ত শেখৰ জ্যোতি আৰু অমৃত প্ৰভাক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত শ...