September 24, 2025 12:32 PM
41
অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন
অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য কালি গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ ‘জুবিনক্ষেত্ৰ’ত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হয়। তেওঁৰ নশ্বৰ দেহত মুখাগ্নি কৰাৰ লগে লগে অগণিত অনুৰাগীয়ে অশ্রু-অঞ্জলিৰে প্ৰাণৰ শিল্পীজনক সমস্বৰে মায়াবিনী গীত গাই শেষ শ্রদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, প্রধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বি...