September 20, 2025 1:09 PM

views 21

জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিয়োগl ৰাজ্যৰ চুকে কোণে শোকৰ লহৰ

জনপ্রিয় কণ্ঠশিল্পী, বাদ্যশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতা, চলচিত্ৰ পৰিচালক, চিত্র নাট্যকাৰ জুবিন গাৰ্গৰ কালি বিয়োগৰ বাতৰিয়ে ৰাজ্যৰ চুকে কোণে শোকৰ লহৰ তুলিছে। যোৰহাটত শিল্পীগৰাকীৰ মৃত্যুত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলাখনৰ বৰুৱা চাৰিআলিৰ মিলেনিয়াম পাৰ্কত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনাৰে বন্তি প্ৰজ্বলন কৰা হয়। যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় চৌহদত শিল্পীগৰাকীৰ স্মৃতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...