October 23, 2025 11:29 AM

views 49

ছিংগাপুৰত এছ আই টিৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰববী মুন্না প্রসাদ গুপ্তা আৰু আই পি এছ বিষয়া তৰুণ গোৱেলে দেশখনত তদন্ত অব্যাহত ৰাখিছে। তেওঁলোকে কালি ছিংগাপুৰত কেইবাগৰাকীও প্রবাসী অসমীয়াৰ ভাষ্য গ্রহণ কৰাৰ লগতে শিল্পীগৰাকী অসুস্থ হৈ পৰা সমুদ্ৰৰ সেই বিশেষ স্থান পৰিদৰ্শন কৰে। দুয়োগৰাকী আৰক্ষী বিষয়াই ছিংগাপুৰ আৰক্ষীৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে। ছিংগাপুৰ আৰক্ষীয়ে এই তদন্তত সম্পূর্ণরূপে সহযোগিতা আগবঢ়াই আছে। ইপিনে, এছ আই টিয়ে কালি গুৱাহাটীৰ উলুবাৰীস্থিত কার্যালয়ত জুবিন ...

October 4, 2025 1:07 PM

views 55

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ন্যায়িক আয়োগ গঠনৰ সিদ্ধান্ত

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰিছে। এখন অধিসূচনা যোগে কালি নিশা ৰাজ্য চৰকাৰে এই বিষয়ে সদৰি কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল। তেওঁ এই সন্দৰ্ভত জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ৰহস্য ভেদ কৰিবৰ বাবে উচ্চ ন্যায়ালয়ত কৰ্মৰত এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদ...

October 4, 2025 1:00 PM

views 33

গোৱালপাৰাত জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধর্ম প্রার্থনা সভাৰ আয়োজন

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি গোৱালপাৰা চহৰৰ সংগম নাট্যগোষ্ঠীৰ প্ৰাংগণত জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধর্ম প্রার্থনা সভাৰ আয়োজন কৰা হৈছে। পুৱা প্রভাত ফেৰীৰে এই কাৰ্যসূচী আৰম্ভ হয়। দিনৰ ভাগৱত, কোৰাণ আৰু বাইবেল পাঠৰ লগতে নাম-প্ৰসংগ কৰা হ'ব। সন্ধিয়া সমূহীয়া বস্তি প্রজ্বলন আৰু শিল্পীগৰাকীৰ দৃশ্য-শ্রব্য অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব।

October 3, 2025 12:57 PM

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত অমৃতপ্রভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিয়ে কালি নিশা জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বেও এছ আই টিয়ে কেইবাদিনো দুয়োকো জেৰা কৰিছিল। দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে পুনৰ জেৰা কৰিব বুলি জানিব পৰা গৈছে। ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পৰ্কীয় ১০৩ ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰ গোচৰটোত ...

September 23, 2025 7:33 PM

views 24

অসম ভূমিত সমাধিস্থ হ’ল গানৰ উজ্বল জ্যোতিষ্ক

লক্ষ লক্ষ অনুৰাগীক কন্দুৱাই আজি অসম ভূমিত সমাধিস্থ হ’ল গানৰ উজ্বল জ্যোতিষ্ক। তেজ মঙহৰ পৃথিৱী নেওচি গুণমুগ্ধসকলৰ পৰা কায়িকভাৱে চিৰ বিদায় লৈছে আপোন শিল্পী জুবিন গাৰ্গে। অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আজি গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ ‘জুবিনক্ষেত্ৰত সম্পূৰ্ণ ৰাষ্ট্রীয় মর্যাদাৰে সম্পন্ন কৰা হয়। অগণিত অনুৰাগীয়ে অশ্রু অঞ্জলিৰে প্ৰাণৰ শিল্পীজনক সমস্বৰে মায়াবিনী গীত গাই শেষ শ্রদ্ধা জ্ঞাপন কৰে। আজি দিনৰ প্ৰায় ১১ বজাত বেদ মন্ত্রোচ্চাৰণ আৰু গীতাপাঠৰ পৱিত্ৰ...

September 20, 2025 12:40 PM

views 58

শিল্পী জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ

প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি কেৱল ৫৩ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা অসমবাসীৰ অতিকে মৰমৰ জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ হৈ পৰিছে। শিল্পীগৰাকীৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা আজি অসমলৈ অনাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তৰ সৈতে এই বিষয়ত সঘন যোগাযোগ ৰক্ষা কৰিছে। কালি শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে শোকাহত পৰিয়াল, আত্মীয় আৰু গুণমুগ্ধসকলক সমবেদনা জ্ঞাপন কৰে। ড০ ...