October 23, 2025 11:29 AM October 23, 2025 11:29 AM
43
ছিংগাপুৰত এছ আই টিৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰববী মুন্না প্রসাদ গুপ্তা আৰু আই পি এছ বিষয়া তৰুণ গোৱেলে দেশখনত তদন্ত অব্যাহত ৰাখিছে। তেওঁলোকে কালি ছিংগাপুৰত কেইবাগৰাকীও প্রবাসী অসমীয়াৰ ভাষ্য গ্রহণ কৰাৰ লগতে শিল্পীগৰাকী অসুস্থ হৈ পৰা সমুদ্ৰৰ সেই বিশেষ স্থান পৰিদৰ্শন কৰে। দুয়োগৰাকী আৰক্ষী বিষয়াই ছিংগাপুৰ আৰক্ষীৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে। ছিংগাপুৰ আৰক্ষীয়ে এই তদন্তত সম্পূর্ণরূপে সহযোগিতা আগবঢ়াই আছে। ইপিনে, এছ আই টিয়ে কালি গুৱাহাটীৰ উলুবাৰীস্থিত কার্যালয়ত জুবিন ...