December 11, 2025 12:02 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামা দাখিলব নির্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই অভিযোগনামা দাখিল কৰা হ'ব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্ববী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই ইতিমধ্যে কাইলৈ অভিযোগনামা দাখিল কৰা হ'ব বুলি আনুষ্ঠানিকভাবে প্রকাশ কৰিছে। বিষয়াগৰাকীয়ে সদবি কৰা মতে তদন্ত প্রক্রিয়া প্রায় শেষ পর্যায়ত উপনীত হৈছে আৰু এতিয়ালৈ তিনি শতাধিক লোকৰ ভ...

November 18, 2025 7:41 PM

views 26

জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্রিয় শিল্পীগৰাকীৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো পালন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি ৫ হাজাৰ গচি বন্তি প্ৰজ্বলন কৰা হৈছে। জুবিন ক্ষেত্ৰত ৫০০ আকাশবন্তিও প্রজ্বলন কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ভাওনাকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ কাহিলীপাৰাস্থি...

November 17, 2025 1:13 PM

views 32

জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ বিশেষ কাৰ্যসূচীৰ আয়োজন

জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্রত বিভিন্ন কার্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই উপলক্ষে ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰে। বিটিআৰ প্ৰশাসনে প্রিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন...

November 4, 2025 6:53 PM

views 19

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত দুগৰাকী ব্যক্তিৰ লিখিত তথ্য গ্ৰহণ ন্যায়িক আয়োগৰ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ সৌমিত্র শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে আজি দ্বিতীয় দিনা দুগৰাকী ব্যক্তিৰ লিখিত তথ্য গ্ৰহণ কৰে। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। প্রাক্তন কংগ্রেছ নেতা দুলু আহমেদ আৰু ব্যৱসায়ী তথা চলচ্চিত্র প্রযোজক লুইত কুমাৰ বৰ্মনে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত লিখিত তথ্য শপতনামা ৰূপত আয়োগক প্রদান কৰে। উল্লেখযোগ্য যে প্রাক্তন কংগ্রেছ নেতা দুলু আহমেদে শিল্পীগৰা...

October 24, 2025 12:23 PM

views 34

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ বাবে কামৰূপ জিলা দণ্ডাধীশৰ কেতবোৰ নিৰ্দেশনা জাৰি

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ পৱিত্ৰতা ৰক্ষাৰ বাবে কামৰূপ জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। বিভিন্ন পক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাৰ পাছত জাৰি কৰা নির্দেশনা অনুসৰি জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিত থকা সমাধিস্থলীত দৈনিক পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে দর্শনার্থীয়ে প্রবেশ কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। এই নির্ধাৰিত সময়ৰ বাহিৰে আন সময়ত কোনো লোকে সমাধিক্ষেত্রত প্ৰৱেশ কৰিব নোৱাৰিব। একেদৰে সুৰাসক্ত বা নিচাগ্রস্ত লোকে সমাধিক্ষেত্ৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। সমাধিক...

October 14, 2025 7:08 PM

views 21

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্র সন্থাৰ ধর্মঘট কার্যসূচী ৰূপায়ণ

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্র সন্থাই গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ঘটনাৰ তদন্ত পানী নসৰকা হ'ব লাগিব বুলি দাবী তোলে। সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এছ আই টিয়ে আজি আলোচনাৰ বাবে জনোৱা আমন্ত্রণ গ্ৰহণ নকৰা সন্দৰ্ভত কয়, যে তদন্তকাৰী সংস্থাই গোচৰ সংক্ৰান্তত আলোচনাৰ বাবে মাতিলে অভিযুক্ত পক্ষৰ অধিবক্তাই আদালতত আইনী সুযোগ উলিয়াব পাৰে। এই অনুসৰি আইনজ্ঞৰ ...