August 31, 2024 8:17 PM August 31, 2024 8:17 PM

views 2

যোৰহাট আৰক্ষী ছাউনীত জিলাখনত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলাত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক এখন পর্যালোচনা বৈঠক আজি যোৰহাট আৰক্ষী ছাউনীত অনুষ্ঠিত হয়। যোৰহাট আৰক্ষী অধীক্ষকৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আৰক্ষীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। যোৱা মাহত পাৰদৰ্শিতা দেখুওৱা আৰক্ষীক এই বৈঠকত পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।

August 25, 2024 8:15 PM August 25, 2024 8:15 PM

views 10

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত বিশেষ সভা

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি বিশেষ সভা অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শ‍ইকীয়াই সভাত অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আইনী দিশসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ সচেতনতা বৃদ্ধিৰ জৰিয়তে সুৰক্ষিত পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা সন্দৰ্ভতো সভাত আলোকপাত কৰে। পথ সুৰক্ষাৰ নিয়মসমূহ বলবৎ কৰাৰ লগতে তেওঁ সকলোকে উপযুক্ত নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়। যোৰহাট জিলা আয়ুক্তগৰাকীয়ে সভাত ...

July 6, 2024 6:29 PM July 6, 2024 6:29 PM

views 10

যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্রী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্রতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ষয়-ক্ষতিৰ সম্পৰ্কত বুজ লৈ সংশ্লিষ্ট সকলো বিভাগকে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থাকি সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। তদুপৰি ক্ষতিগ্ৰস্ত ৰাইজে যাতে সাহায্য, চিকিৎসাসেৱা, বিশুদ্ধ খোৱাপানীকে ধৰি অত্...

June 27, 2024 7:48 PM June 27, 2024 7:48 PM

views 8

যোৰহাট জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ

যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা কৰে। জিলাখনত আজি অনুষ্ঠিত অপৰাধ পর্যালোচনা বৈঠকত শান্তি শৃংখলা অটুট ৰাখিবলৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিগত মাহত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা আৰক্ষী কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

June 18, 2024 6:28 PM June 18, 2024 6:28 PM

views 16

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় সজাগতা সভা

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত আজি গাঁওপ্ৰধানৰ উদ্যোগত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত উপস্থিত থকা বিভিন্নজনে বাল্য বিবাহৰ অপকাৰিতা, চৰকাৰী আইন, বাল্য বিবাহ প্রতিবোধ সম্পর্কত ভাষণ দিয়ে। অনুষ্ঠানটোত অঞ্চলটোব শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে।

June 13, 2024 7:01 PM June 13, 2024 7:01 PM

views 17

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাটৰ চকলাটিং চাহ বাগিচাত সজাগতা সভা

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাট জিলাৰ চকলাটিং চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত শিশু শ্ৰমিকৰ সমস্যা আৰু আনুষংগিক বিপদসমূহৰ বিষয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে আলোচনা আগবঢ়ায়।

June 13, 2024 6:06 PM June 13, 2024 6:06 PM

views 8

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। জলসম্পদ, বন, লোকনিৰ্মাণ, আভ্যন্তৰীণ জল পৰিবহণ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, আবকাৰী, সমাজ কল্যাণ, সমবায়, নগৰ পানীযোগান, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে আ...

June 8, 2024 2:06 PM June 8, 2024 2:06 PM

views 15

যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস কালি যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সহযোগত যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত স্মৃতি দিৱস পালন কৰা হয়। যোৰহাট জিলাৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ কাৰ্যসূচীত কৃষ্ণকান্ত সন্দিকৈৰ জীৱন আৰু দৰ্শনৰ সম্পৰ্কে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অদিতি বেজবৰুৱাই বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গল্পকাৰ আশিস ঘাটোৱাৰ...

June 1, 2024 2:01 PM June 1, 2024 2:01 PM

views 19

যোৰহাটৰ কে বি ৰোডত কাইলৈৰ পৰা ৪ জুন পর্যন্ত পুৱা ৫ বজাৰ পৰা ৯ বজালৈ নগৰৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব

যোৰহাটৰ কে বি ৰোডত নির্মীয়মান ৰে’লৱে অভাৰব্ৰীজত কাম চলাৰ বাবে কাইলৈৰ পৰা ৪ জুন পর্যন্ত পুৱা ৫ বজাৰ পৰা ৯ বজালৈ যোৰহাট নগৰৰ উপকণ্ঠৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাট বৈদ্যুতিক উপসংমণ্ডলে জনোৱা অনুসৰি যোৰহাট ৩, ৭ নং আৰু বৰভেটা ফিডাৰৰ অন্তৰ্গত ছেউনী গাঁও, ডি চি বি ৰোড, জেইল বোড, বৰভেটা, মিছন চৌহদৰ লগতে আটিলা গাঁৱৰ কিছু এলেকাত বিদ্যুৎ সৰবৰাহ বন্ধ থাকিব।

May 31, 2024 7:31 PM May 31, 2024 7:31 PM

views 21

যোৰহাটৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ

যোৰহাট জিলাৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। যোৰহাট জিলা আয়ুক্তই এই সন্দৰ্ভত পশু আইন, ২০০৯ৰ ৬(১) ধাৰাৰ-সংক্রামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত বাগিছাখনৰ ৯ নম্বৰ লাইনক আফ্রিকান ছোৱাইন ফিভাৰৰ মূল কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। এই সম্পৰ্কে জাৰি কৰা অধিসূচনা অনুসৰি নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনৰ পৰা ১০ কিলোমিটাৰ এলেকাৰ ভিতৰত গাহৰি বেপাৰৰ লগতে আদান-প্রদান, বিক্ৰী আদি কাৰ্য বন্ধ কৰিব লাগিব।