January 21, 2025 7:03 PM

views 13

যোৰহাটত ‘উৎপাদনশীলতা বৃদ্ধি আৰু উত্তৰ-পূব ভাৰতত ভূমি অৱক্ষয় ৰোধৰ বাবে বহনক্ষম ভূমি ব্যৱস্থাপনা’ শীৰ্ষক প্রশিক্ষণ-কর্মশালা

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে উৎপাদনশীলতা বৃদ্ধি আৰু উত্তৰ-পূব ভাৰতত ভূমি অৱক্ষয় ৰোধ কৰাৰ বাবে বহনক্ষম ভূমি ব্যৱস্থাপনা শীৰ্ষক এটা আঞ্চলিক পৰ্যায়ৰ প্রশিক্ষণ তথা কর্মশালা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ ডেৰাডুনত অৱস্থিত বহনক্ষম ভূমি ব্যৱস্থাপনা উৎকৃষ্টতা কেন্দ্ৰৰ অৰ্থসাহায্যত অনুষ্ঠিত এই কৰ্মশালাখন কেন্দ্ৰটোৰ সঞ্চালক ড° বিনয় কুমাৰে দূৰসংযোগ পদ্ধতিৰে উদ্বোধন কৰে। ভাষণ প্ৰসংগত সঞ্চালকগৰাকীয়ে সুন্দৰ ভৱিষ্যতৰ বাবে ...