September 1, 2024 7:20 PM September 1, 2024 7:20 PM

views 3

যোৰহাট জিলাত ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচী

যোৰহাট জিলাত ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত বুথ পৰ্যায়ৰ বিষয়া আৰু পর্যবেক্ষকসকলৰ বাবে আজি তিতাবৰৰ দেৱ কুমাৰ বৰা প্ৰেক্ষাগৃহত প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। তিতাবৰ আৰু মৰিয়নী বিধান সভা সমষ্টিৰ বিষয়াসকলৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্য প্ৰশিক্ষকে ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী কার্যকলাপৰ সময়ত কোনো ভোটদাতাই যাতে তালিকাৰ পৰা বাদ নপৰে এই সন্দৰ্ভত নির্বাচন আয়োগে নিৰ্ধাৰণ কৰা মূল বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ লগতে সংক্...