January 3, 2025 12:43 PM

views 13

যোৰহাট আজিৰেপৰা দুদিনীয়াকৈ আমন্ত্রণমূলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা- নৈশ ভলীবল প্রতিযোগিতা

যোৰহাট জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজিৰেপৰা দুদিনীয়াকৈ আমন্ত্রণমূলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা- নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ ছটা আগশাৰীৰ ভলীবল দলে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব। বিশিষ্ট ক্রীড়া সংগঠক, অসম ভলীবল সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ৰাজ্য চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ অমল বৰুৱাৰ সোঁৱৰণত যোৰহাট জিলা ক্রীড়া সন্থাই এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে।