May 22, 2024 8:17 PM

views 16

যোৰহাটৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে আজি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৰহাট জিলাৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত স্থানীয় ছাত্র-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এখন সভা অনুষ্ঠিত কৰা হয়। সভাত প্ৰতিষ্ঠানখনৰ জ্যেষ্ঠ বিজ্ঞানীসকলে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিমূলক ব্যক্তব্য আগবঢ়ায়। আনহাতে যোৰহাট পৰিৱেশ মঞ্চয়ো আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰে। ইফালে এই দিৱসৰ লগত সংগতি ৰাখি গু...