February 9, 2025 7:33 PM

views 20

যোৰহাটত মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা বহুসংখ্যক খেলুৱৈৰ অংশগ্ৰহণ

ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা ক্ৰীড়া প্রতিভা বিকাশৰ বাবে অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ বিভিন্ন জিলাত চলি আছে। যোৰহাট সাঁতোৰ সন্থাৰ জলক্রীড়া প্ৰকল্পত আজি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত যোৰহাট, গোলাঘাট, মাজুলী আৰু শিৱসাগৰ জিলাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে।