September 21, 2024 7:19 PM September 21, 2024 7:19 PM
4
যোৰহাটত অনুষ্ঠিত ল’ৰাৰ ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্ত্বাৱধানত আৰু অসম ফুটবল সন্থাৰ পৰ্যৱেক্ষণ তথা যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত ল'ৰাৰ ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলখনত অসমে ১১-০ গ'লৰ ব্যৱধানত হাৰিয়ানাক পৰাস্ত কৰি ২০২৪-২৫ বৰ্ষৰ টিয়াৰ-২ চেম্পিয়নৰ খিতাপ দখল কৰে। অসমৰ থমাছ দৈমাৰীয়ে ৬টা গ'ল কৰি ডাবল হেট্ৰিক অৰ্জন কৰে। বঁটা প্ৰদান অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচ...