January 25, 2025 12:27 PM

views 10

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক যোৰহাট অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। যোৰহাটৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পশ্চিমে ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ এই অধিৱেশনৰ আয়োজন কৰা হৈছে। অধিৱেশনত ৫০ লাখৰো অধিক ভকত বৈষ্ণৱৰ সমাগম হ'ব বুলি উদ্যোক্তাসকলে আশা কৰিছে। সোণাৰাম চুতীয়া ক্ষেত্ৰত বিশাল মণ্ডপ, প্রতিনিধি শিবিৰ আদি নিৰ্মাণ কৰি থকা হৈছে। ইতিমধ্যে সাজু কৰি তোলা অস্থায়ী নামঘৰত দিনে-নিশাই নাম-কীৰ্তন কৰাৰ লগতে বিভিন্ন প্রাথমিকে শৰাই আগবঢ়াইছে...