July 21, 2025 12:10 PM

views 21

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰে সৈতে সংগতি ৰাখি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কালিৰে পৰা ২৪ জুলাইলৈ ৪৮ সংখ্যক সদৌ অসম মুকলি ফিডে ৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ ২৭খন জিলা ২৬৭গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ।

May 11, 2024 10:56 AM

views 17

যোৰহাটৰ তিতাবৰত আজিৰ পৰা সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ

যোৰহাট জিলাৰ তিতাবৰত আজিৰ পৰা সপ্তম সংখ্যক সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হ'ব। অসম পেনচাক ছিলাট সংস্থাৰ উদ্যোগত হ'বলগীয়া প্ৰতিযোগিতাখনত খেলুৱৈসকলে কেইবাটাও বিভাগত প্রতিদ্বন্দ্বিতা কৰিব। এই প্ৰতিযোগিতাখনৰ পৰাই ১১ জুনৰ পৰা ১৩ জুনলৈ ওড়িশাত হ'বলগীয়া ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্রতিযোগিতাৰ বাবে খেলুৱৈ বাছনি কৰা হয়। বাছনিভুক্ত খেলুৱৈসকলক অহা ১৫ মে'ৰ পৰা ৫ জুনলৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি অসম পেনচাক ছিলাট সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্যজিত দলেই জানিবলৈ দিয়ে।