February 6, 2025 12:29 PM February 6, 2025 12:29 PM
4
যোৰহাটত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন
যোৰহাটত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। জিলাখনৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনথলী অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। আজি পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হৈছে। পৰহিলৈ হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলেও অংশ লৈছে। আজি নামঘৰৰ তো...