April 7, 2025 11:09 AM April 7, 2025 11:09 AM
4
যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ সামৰণি
যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত শনিবাৰৰ পৰা অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণি অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক অৰূপা পতংগীয়া কলিতাই সাহিত্য আৰু জীৱন বিষয়ত ভাষণ দিয়ে। নিজৰ ভাষণত তেওঁ নীৰৱে আৰু গভীৰভাৱে সাহিত্যই সমাজ সলনি কৰে বুলি মন্তব্য কৰে। মানুহৰ মাজৰ পৰা উঠি অহা সাহিত্যই সমাজ সলনি কৰে বুলিও তেওঁ মন্তব্য কৰে। বক্তৃতানুষ্ঠানটো উদ্বোধন কৰি যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে মানৱ সভ্যতাৰ উত্তৰণ বিজ্ঞান আৰু প্ৰযুক্তিৰ সমানেই সাহিত্যৰো অৰিহণা আছে...