June 29, 2024 9:03 PM
14
যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্রেনেড নিক্ষেপৰ ঘটনাত অভিযুক্ত ৩জনক এন আই এৰ আদালতত হাজিৰ
যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্রেনেড নিক্ষেপৰ ঘটনাৰ সৈতে জড়িত ৩ জন অভিযুক্তক আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ৰ আদালতত হাজিৰ কৰোৱা হয়। এই অভিযুক্তকেইজন বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুৎ গগৈ বুলি জানিব পৰা গৈছে। আজি তিনিওজন অভিযুক্তক আদালতত হাজিৰ কৰোৱাই গোচৰৰ প্ৰতিলিপি প্রদান কৰা হয়। এন আই এৰ অভিযোগানামাত নাম উল্লেখিত আন এজন অভিযুক্ত পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এয়ে যোৱা বুধবাৰে যোৱা বছৰ উগ্ৰপন্থী সংগঠন আলফাই যোৰহাটৰ এটা সামৰিক ঘাটিত গ্রেনেড ন...