September 22, 2024 11:38 AM

views 15

যোৰহাটৰ নতুন আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰ্মচাৰী সভা অনুষ্ঠিত

যোৰহাটৰ নতুন আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰা জয় শিৱানীৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন কৰ্মচাৰী সভা অনুষ্ঠিত কৰা হয়। জিলাখনত চলি থকা উন্নয়নমূলক কাম-কাজসমূহৰ পর্যালোচনা কৰাৰ লগতে জিলাখনৰ বিভিন্ন দিশৰ বিষয়ে নৱনিযুক্ত আয়ুক্তক অৱগত কৰা হয়। সভাখনত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।