January 2, 2026 9:09 PM January 2, 2026 9:09 PM
2
যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ দুগাৰাকী লাট মণ্ডলক নিলম্বন
যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ দুগাৰাকী লাট মণ্ডলৰ বিৰুদ্ধে উঠা বিভিন্ন অভিযোগৰ ভিত্তিত জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে আজি চাকৰিৰ পৰা তেওঁলোকক নিলম্বন কৰা হয়। নিলম্বিত লাট মণ্ডল দুগৰাকী হৈছে অনিমেষ শইকীয়া আৰু মুনীন বৰা। উল্লেখযোগ্য যে, মণ্ডল দুগৰাকীৰ বিৰুদ্ধে চৰকাৰী ভূমি আবণ্টনত অনিয়ম, কর্তব্যত গাফিলতি, নিয়ম বহির্ভূতভাৱে কাম কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে।