October 24, 2024 8:49 PM

views 12

যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত পানী সংৰক্ষণৰ কৌশল কেন্দ্ৰ মুকলি

যোৰহাট জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জলজীৱন মিছনৰ অধীনত পানী সংৰক্ষণৰ এটা কৌশল কেন্দ্ৰ আজি নিজ কার্যালয়ৰ চৌহদত মুকলি কৰে। কেন্দ্ৰটো মুকলি কৰি অতিৰিক্ত আয়ুক্তই কয় যে, এই কেন্দ্ৰটোৰ জৰিয়তে জনসাধাৰণে পানী সংৰক্ষণৰ সহজ কৌশল আয়ত্ব কৰিব পাৰিব। ইয়াৰ জৰিয়তে জলসংকট দূৰ কৰাত সহায় হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে।