September 1, 2024 7:32 PM
25
অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষৰ যোৰহাটৰ শিশু পর্যবেক্ষণ গৃহ পৰিদৰ্শন
অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ডাঃ শ্যামল প্ৰসাদ শইকীয়াই আজি যোৰহাটৰ শিশু পর্যবেক্ষণ গৃহ পৰিদৰ্শন কৰাৰ লগতে শিশু কয়দীসকলৰ থকা-খোৱা ব্যৱস্থাৰ বুজ লয়। এই পর্যবেক্ষণ বিভাগ ১৪টি শিশু কয়দী এইছ আই ভি পজিটিভ হোৱা বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে শিশুকেইটিৰ চিকিৎসা আৰু স্বাস্থ্যৰ যতনত গুৰুত্ব আৰোপ কৰে। পৰিদৰ্শন কালত অধ্যক্ষগৰাকীয়ে জিলা অতিৰিক্ত আয়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।