August 10, 2025 7:43 PM

views 54

যোৰহাট জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন

যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি নাহিং শুকানজান ভ্রমণ কৰি নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁলোকে সমাগত স্বাধীনতা দিৱসৰ প্রস্তুতি বুজ লোৱাৰ উদ্দেশ্যে লাহিং গ্রাণ্ট হাইস্কুলৰ খেলপথাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

June 8, 2025 7:24 PM

views 41

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই  ১১ জুনত টীয়ক এফ আৰ ইউত এটা ডায়েলাইছিছ ইউনিটৰ উদ্বোধন কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১১ জুনত টীয়ক এফ আৰ ইউত এটা ডায়েলাইছিছ ইউনিটৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি টীয়ক এফ আৰ ইউত উপস্থিত হৈ উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে লগতে টীয়ক এফ আৰ ইউৰ, নিৰ্মাণৰত আই চি ইউ ইউনিটৰ কাম-কাজ পৰিদৰ্শন কৰি শীঘ্ৰেই কাম সম্পূৰ্ণ কৰা সন্দৰ্ভত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু কাকজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়াৰ সৈত...

April 20, 2025 8:01 PM

views 26

যোৰহাট জিলা আয়ুক্তৰ মৰিয়নিৰ কেইন অইল এণ্ড গেছ প্ৰকল্পৰ স্থান পৰিদৰ্শন

যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি মৰিয়নিত কেইন অইল এণ্ড গেছ প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে পৰিদৰ্শনকালত প্ৰস্তাৱিত কামসমূহৰ মূল্যায়ন কৰাৰ লগতে নিয়োগৰ সুযোগ বৃদ্ধি আৰু আঞ্চলিক উন্নয়নক উৎসাহিত কৰাৰ লক্ষ্যৰে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ সন্দৰ্ভত আলোচনা কৰে।

November 10, 2024 7:25 PM

views 26

যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ

ৰাজ্যত মাতৃভাষা মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত বাটকটীয়া যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ আজি শুভাৰম্ভ হয়। ১৯৫০ চনৰ ১০ নৱেম্বৰত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত দহজন ছাত্ৰৰে অসমীয়া মাধ্যমত মণ্টেচ্ছৰী শিক্ষাৰ আৰম্ভণি কৰা বিদ্যালয়খনে চলিত বৰ্ষত ৭৫ বছৰত ভবি দিয়ে। এই উপলক্ষে আজিৰে পৰা বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়াকৈ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে মহাৰজত জয়ন্তী পালন কৰা হৈছে।

October 20, 2024 12:16 PM

views 23

যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মিছন শক্তি আঁচনিৰ জিলা পৰ্যায়ৰ বৈঠক

যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি মিছন শক্তি আঁচনিৰ জিলা পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সহকাৰী আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ জৰিয়তে ছোৱালী আৰু মহিলাসকলৰ সৱলীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে মহিলাৰ সুৰক্ষা আৰু আৰ্থসামাজিক দিশৰ সৱলীকৰণৰ বাবে বিভিন্ন হ্রস্রম্যাদী আৰু দীৰ্ঘম্যাদী সেৱা আগবঢ়োৱা হ'ব।

October 16, 2024 12:00 PM

views 18

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনৰ কৃষি, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, নিয়োগ বিনিময় কেন্দ্র, মীন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, পৰিবহণ আৰু জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়৷ সভাত আয়ুক্তগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজসমূহ নিয়াৰিকৈ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।

September 11, 2024 6:42 PM

views 19

যোৰহাটত এইডছ আৰু মাদক দ্রব্য বিৰোধী পথ সজাগতা সভা অনুষ্ঠিত

যোৰহাট জিলাৰ বিভিন্ন স্থানত অসম চৰকাৰৰ এইডছ কনট্‌ল ছ'চাইটি আৰু যোৰহাট জিলা প্ৰশাসনৰ হৈ জিলা এইডছ নিয়ন্ত্রণ বিভাগৰ সৌজন্যত আজি এইডছ আৰু মাদক দ্রব্য বিৰোধী পথ সজাগতা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ পৰামৰ্শদাতাই এইডছ ৰোগ সংক্ৰমণ, প্ৰতিৰোধ আৰু এই ৰোগৰ ভয়াৱহতাৰ বিষয়ে বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। সজাগতা সভাৰ লগত সংগতি ৰাখি বাহনা অঞ্চলৰ বুধবৰীয়া সপ্তাহিক বজাৰ আৰু নিমাতী কমলাবাৰী ঘাটতো এইডছ আৰু মাদক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত দৃশ্য-শ্ৰব্য মাধ্যমেৰে উপস...

August 30, 2024 7:47 PM

views 30

যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দলে আজি যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰে। ভ্ৰমণৰ সময়ত দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নৱজাতকৰ যত্ন কেন্দ্ৰ, শিশু যত্ন কেন্দ্র, শিশু বিভাগ আৰু স্ত্ৰী ৰোগ বিভাগকে ধৰি তাৎপৰ্যপূৰ্ণ স্বাস্থ্য সেৱাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে। ইয়াৰ লগতে দলটোৱে ল'ৰাৰ কাৰণে নিৰ্দিষ্ট শিশু পর্যবেক্ষণ গৃহ ‘স্বৰাজ’-ও পৰিদৰ্শন কৰে। দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎ‍সালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসাল...

August 27, 2024 7:09 PM

views 17

যোৰহাট জিলাত কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন

যোৰহাট জিলাত আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হ'লে সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি থানা এলেকাসমূহত আইন শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ হ'লে অতিৰিক্ত দণ্ডাধীশৰ লগতে কাৰ্যবাহী দণ্ডাধীশ আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক যোগাযোগ কৰিবলৈ কোৱা হৈছে। এই আদেশ জি...

August 17, 2024 7:54 PM

views 19

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ তত্বাৱধানত বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়াসকলৰ তত্বাৱধানত আজি জিলাখনৰ বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ হৈছে। পূব যোৰহাট, পশ্চিম যোৰহাট, তিতাবৰ, মৰিয়নি আৰু টীয়কৰ বিভিন্ন ঠাইত কৃষি বিভাগৰ ডিজিটেল শস্য জৰীপৰ লগত জড়িত জৰীপকর্তা, তত্বাৱধায়ক আৰু প্ৰামাণিকসকলৰ সহযোগত এই জৰীপ কাৰ্য সম্পাদন কৰিবলৈ লোৱা হৈছে। এই ব্যৱস্থাই জিলাখনৰ কৃষকসকলৰ এখন সম্পূৰ্ণ ডাটাবেছ প্ৰস্তুত কৰি ভৱিষ্যতে প্রয়োজন সাপেক্ষে কৃষকৰ তথ্যসমূহ ব্যৱহাৰৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব। শস্যৰ জৰীপে কৃষিভূমিৰ তথ্য সংৰক্ষণ কৰাৰ উপৰি আন...