December 7, 2024 12:38 PM

views 15

যোৰহাটত চাইবাৰ ছেফটি শীৰ্ষক সজাগতা সভা

যোৰহাটত জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ দ্বাৰা আয়োজিত আৰু কেন্দ্ৰীয় মহাবিদ্যালয়, যোৰহাটৰ সহযোগত কালি চাইবাৰ ছেফটি শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়া সংযুক্তা ভূঞাই আঁত ধৰা আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচী শিক্ষানুষ্ঠানখনৰ অধ্যাপক, ছাত্র-ছাত্রী, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে। আৰক্ষী উপ-পৰিদৰ্শক লুনা সোণোৱাল আৰু সখী একক অৱস্থান কেন্দ্ৰৰ তথ্য প্রযুক্তি বিষয়া শিৱ দত্তই বৰ্তমান তথ্য- প্ৰযুক্তিৰ ব্যাপক উন্নতিৰ লগ...