August 17, 2024 8:14 PM

views 19

যোৰহাটৰ চ’ক বজাৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন অজন্তা নেওগৰ

বিত্তমন্ত্রী অজন্তা নেওগে আজি যোৰহাটৰ চ’ক বজাৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন কৰে। অনুষ্ঠানত বিধায়ক হিতেন্দ্র নাথ গোস্বামী উপস্থিত থাকে। উল্লেখযোগ্য যে যোৰহাটৰ শতিকা প্রাচীন পুৰণি চ’ক বজাৰ প্রায় এবছৰ আগত অগ্নিকাণ্ডত জাহ গৈছিল। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰী নেওগে আজি চ’ক বজাৰৰ পুনৰ নির্মাণ ১৮ মাহত সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি আৱৰ্ত ভৱনত পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ লগতে মহিলা আৰু শিশু কল্যাণ বিভাগ তথা লোকনির্মাণ বিভাগৰ বিভিন্ন আঁচনিসমূহ পৰ্যালোচনা কৰে।