November 14, 2024 8:57 PM

views 15

যোৰহাটৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয় জিলা প্ৰশাসনৰ বিষয়াৰ পৰিদৰ্শন

যোৰহাট জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি জিলা প্ৰশাসনৰ বিষয়াসকলৰ দ্বাৰা জিলাখনৰ অন্তৰ্গত বিভিন্ন অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শন অব্যাহত আছে। ইয়াৰ অংশ হিচাপে আজি জিলাখনৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু মেলেঙী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়ৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়। তেওঁ পুৱাৰ প্রাতঃসভাত উপস্থিত থাকি শিক্ষাৰ্থীৰ লগত মত-বিনিময় কৰে। আনহাতে, জিলাখনৰ সহকাৰী আয়ুক্তদ্বয়ে লাহদৈগড়ৰ ৬৭ নম্বৰ সৰু মইনা...