January 22, 2026 7:42 PM

views 12

বিকশিত ভাৰত জি ৰামজী আইন সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল সম্বোধন

কেন্দ্রীয় ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটত বিকশিত ভাৰত জি ৰামজী আইন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। এই আইনে শ্রমিকসকলক পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ নিয়োগ নিশ্চিতি প্রদান কৰিব। নতুন আইনখনৰ অধীনত খেতিৰ বতৰত কৃষি কাৰ্য্যকো সাঙুৰি লোৱা হ'ব আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমগ্ৰ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি তোলা হ'ব। ইয়াৰ উপৰি গ্ৰামাঞ্চলৰ দীর্ঘকালীন সমৃদ্ধিত সহায় হোৱাকৈ স্থায়ী সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব। জনসাধাৰণৰ প্ৰত্যক্ষ অংশীদাৰিত্ব, স্বচ্ছ প্রশাসন ব্যৱস্থা আৰু গ্ৰামাঞ্চলৰ সম্প...

January 17, 2026 12:34 PM

views 19

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা কৰিছে। বিশিষ্ট বিজ্ঞান লেখক, গল্পকাৰ, শিশু সাহিত্যিক,ঔপন্যাসিক অনন্ত কুমাৰ শৰ্মালৈ এইবছৰৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত বিশিষ্ট লেখক, শিক্ষাবিদ লক্ষ্মীনাথ তামুলীলৈ যোৰহাট প্ৰজ্ঞাৰত্ন বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত থাকিব এটি স্মাৰক, সম্বর্ধনা পত্র, গামোচা আৰু গ্ৰন্থৰ টোপোলা। আনহাতে, বিশিষ্ট লেখক, বিজ্ঞানী ড০ সোমেন্দ্র নাথ বুঢ়াগোহাইক অসম...

December 19, 2025 6:49 PM

views 8

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আয়োজন কৰা জলবায়ু সহনশীল কৃষি বনানীকৰণ আৰু জীৱিকা শীর্ষক প্রশিক্ষণ কর্মশালাৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে নাবাৰ্ডৰ সহযোগত আয়োজন কৰা জলবায়ু সহনশীল কৃষি বনানীকৰণ আৰু জীৱিকা শীর্ষক তিনিদিনীয়া প্রশিক্ষণ কর্মশালাৰ আজি সামৰণি পৰে। প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এই কর্মশালাত পাঁচখন ৰাজ্যৰ ৩০ জন প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰে। কর্মশালাত পৰিৱৰ্তিত জলবায়ুত কৃষি বনানীকৰণ আৰু জীৱিকাৰ বিভিন্ন বিষয় সন্দর্ভত কেইবাগৰাকী সমল ব্যক্তিয়ে প্রশিক্ষণ দিয়ে। প্ৰশিক্ষণৰ ক্ষেত্ৰভিত্তিক কাৰ্য্যসূচীৰ অংশ হিচাপে প্রশিক্ষার্থীসকলক যোৰহাটৰ কেন্দ্ৰীয় মুগা-এৰ...

December 5, 2025 12:11 PM

views 23

যোৰহাটৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৩দিনীয়াকৈ আয়োজন

■ যোৰহাট জিলাৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰেপৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মৃতিগ্ৰন্থ উন্মোচনীৰ লগতে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৪৫ চনত স্থাপিত বিদ্যালয়খনৰ ২০২০ চনত ৭৫ বছৰ সম্পূৰ্ণ হয় যদিও মহাৰৰ্জত জয়ন্তীৰ অনুষ্ঠান কোৱিডকালীন পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল।

November 27, 2025 8:08 PM

views 25

অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক কর্মশালা অনুষ্ঠিত

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক কর্মশালা অনুষ্ঠিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কুঁহিয়াৰ, ঔষধী আৰু সুগন্ধী উদ্ভিদ গৱেষণা কেন্দ্ৰৰ তত্বাৱধানত আয়োজিত এই কর্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক কৃষি বিজ্ঞানী আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আজিৰ কাৰ্যসূচীত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ-সঞ্চালকপ্রধান ড০ ডি কে যাদৱে মুখ্য অতিথি হিচাপে ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। ড০ যাদৱে ক্ষেত্র বিশেষে কৃষকৰ অসুবিধাসমূহৰ প্ৰতি লক্ষ্য স...

October 24, 2025 6:49 PM

views 42

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ দেহাৱসান

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

September 22, 2025 7:44 PM

views 50

যোৰহাট জিলাতো এখন জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্রীসভাৰ সিদ্ধান্ত

ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি সন্ধিয়া দ...

September 16, 2025 6:55 PM

views 19

যোৰহাট ছুইমিং ছ’ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ দেহাৱসান

যোৰহাট ছুইমিং ছ'ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ। হাজৰিকাৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে।

September 9, 2025 7:22 PM

views 51

চিনামৰাত চি আই এছ এফৰ উদ্যোগত চাইবাৰ সুৰক্ষাৰ সামৰ্থ্যবৰ্দ্ধন সন্দৰ্ভত কাৰ্যসূচী

যোৰহাট জিলাৰ তিতাবৰৰ চিনামৰাত চি আই এছ এফৰ উদ্যোগত চাইবাৰ সুৰক্ষাৰ সামৰ্থ্যবৰ্দ্ধন সন্দৰ্ভত এটা কাৰ্যসূচী আজি অনুষ্ঠিত হয়। এই অনুষ্ঠানত চি আই এছ এফৰ কমেও ৭০গৰাকী জোৱানে মত বিনিময় কালত চাইবাৰ সুৰক্ষা সম্পৰ্কে অৱগত কৰে। তেওঁলোকে জনসাধাৰণক চাইবাৰ অপৰাধীৰ কবলত নপৰাকৈ কিদৰে নিজৰ কাম-কাজসমূহ কৰিব পাৰি এই বিষয়ে পৰামৰ্শ দিয়ে।

September 5, 2025 7:18 PM

views 73

ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ টীয়কৰ আধাৰসত্ৰত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে শিক্ষকগৰাকীক সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ শলাগ লয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্ৰাথমি...