December 9, 2024 7:36 PM

views 14

মৰিগাঁৱৰ জোনবিলৰ পাৰত ১৬-১৮ জানুৱাৰীলৈ ‘জোনবিল মেলা’

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলাৰ আয়োজন কৰা হৈছে। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি এই জোনবিল মেলাত কাৰ্বি আংলং জিলাৰ অৰ্ধশতাধিক গাঁৱৰ লগতে মেঘালয়ৰ ২০খনৰো অধিক গাঁৱৰ মামা-মামীসকলে পাহাৰত উৎপাদিত সামগ্ৰী লৈ পৰম্পৰাগত বিনিময় প্রথাত অংশগ্রহণ কৰিব। ...