January 20, 2026 11:58 AM

views 37

পৰহিলৈৰ পৰা ২৪ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত পৰহিলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্রস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা যাব। পৰহিলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। সেইদিনাই পাহাৰৰ মামা মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। ২৩ জানুৱাৰীৰ কাহিলী পুৱাতে ঐতিহাসি...