January 9, 2026 1:56 PM January 9, 2026 1:56 PM

views 6

জাগীৰোডৰ জোনবিলৰ পাৰত অহা ২২ৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ‘জোনবিল মেলা’

জাগীৰোডৰ জোনবিলৰ পাৰত অহা ২২ৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। ২২ তাৰিখৰ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। সেইদিনাই পাহাৰৰ মামা-মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। ২৩ জানুৱাৰীৰ কাহিলী পুৱ...