September 26, 2024 7:43 PM

views 49

ৰাজ্যৰ শিক্ষা প্রতিষ্ঠানত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সৈতে দক্ষতা বিকাশৰ পাঠ্যক্ৰমক একত্ৰিত কৰা সন্দৰ্ভত বৈঠক

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত ৰাজ্যখনৰ শিক্ষা প্রতিষ্ঠানসমূহত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সৈতে দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহক একত্ৰিত কৰা সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু দক্ষতা বিকাশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবে অধিক ফলপ্রসূ শিক্ষণ অভিজ্ঞতা সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ দক্ষতা বিকাশৰ বিষয়টোত গুৰুত্ব আৰোপ কৰাৰ বিষয়ে আলোচনা কৰা হয়। আজিৰ বৈঠকত শিক্ষা বিভাগ, দক্ষতা বিকাশ বিভাগ আৰু এন এছ ড...