December 12, 2024 12:01 PM

views 11

লোকসভাৰ সাংসদ জগ্‌দম্বিকা পালৰ অধ্যক্ষতাত ৱাফ সংশোধনী বিধেয়ক ২০২৪ বিষয়ক যুটীয়া সংসদীয় কমিটীৰ বৈঠক

লোকসভাৰ সাংসদ জগ্‌দম্বিকা পালৰ অধ্যক্ষতাত কালি ৱাফ সংশোধনী বিধেয়ক ২০২৪ বিষয়ক যুটীয়া সংসদীয় কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কমিটীখনে ৱাক সংশোধনী বিধেয়ক ২০২৪ৰ বিষয়ে দাৰুল উলুম দেওবন্দৰ মতামত আৰু দিহা পৰামৰ্শ গ্ৰহণ কৰে। এই যুটীয়া সংসদীয় কমিটীখনত লোকসভাৰ ২১ গৰাকী আৰু ৰাজ্যসভাৰ ১০ গৰাকী সদস্য আছে। ইয়াৰ ভিতৰত বিৰোধী পক্ষৰ ১৩ গৰাকী সদস্যও আছে।