October 12, 2025 9:17 PM

views 41

ভাৰতে পুৰুষৰ চুলতান জোহৰ কাপ জুনিয়ৰ হকী প্রতিযোগিতাত নিউজিলেণ্ডক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে

ভাৰতে আজি মালয়েছিয়াৰ জোহৰ বাহকত অনুষ্ঠিত পুৰুষৰ চুলতান জোহৰ কাপ জুনিয়ৰ হকী প্রতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডক ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অর্শদীপ সিং, পি বি সুনীল, অৰিজিৎ সিং হুন্দাল আৰু ৰোচন কুজুৰে গ'ল দিয়ে। নিউজিলেণ্ডে খেলখনত সমতা স্থাপনৰ বাবে চেষ্টা চলায় আৰু অধিনায়ক বুছ নেলচন আৰু এইডেন বাক্সে দুটা গ'ল পৰিশোধ কৰে। আজি অনুষ্ঠিত আন এখন খেলত পাকিস্তানে মালয়েছিয়াক ৭-২ গ'লত পৰাভূত কৰে। ভাৰত মঙলবাৰে হ'বলগীয়া এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হ'ব।

October 20, 2024 8:20 PM

views 30

জোহৰ কাপ হকী প্রতিযোগিতাৰ এখন খেলত গ্রেট ব্রিটেইনক ৬-৪ গলত পৰাস্ত কৰে ভাৰতে

হকীত ভাৰতৰ পুৰুষৰ কণিষ্ঠ দলে মালয়েছিয়াত অনুষ্ঠিত জোহৰ কাপ প্রতিযোগিতাত আজি গ্রুপ পৰ্যায়ৰ এখন খেলত গ্রেট ব্রিটেইনক ৬-৪ গলত পৰাস্ত কৰে। দিলৰাজ সিং আৰু চৰ্দা নন্দ তিৱাৰীয়ে দুটাকৈ গল কৰাৰ বিপৰীতে মহম্মদ কোনাইন দাদ আৰু মনমিত সিঙে বাকী কেইটা গল দিয়ে। গ্রেট ব্ৰিটেইনৰ হৈ ৰৰী পেনৰোজ আৰু মাইকেল ৰয়দেনে দুটাকৈ গল দিয়ে। উল্লেখযোগ্য যে প্রতিযোগিতাত কালি প্ৰথমখন খেলত ভাৰতে জাপানক পৰাস্ত কৰাৰ পাছত আজি দ্বিতীয়টো বিজয় সাব্যস্ত কৰে ।