October 21, 2024 11:40 AM

views 19

কাশ্মীৰৰ বাৰামুল্লা জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সশস্ত্র সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ বাৰামুল্লা জিলাৰ উড়ি অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সশস্ত্র সন্ত্রাসবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত জম্মু-কাশ্মীৰৰ আৰক্ষী তথা ভাৰতীয় সেনাৰ যুটীয়া বাহিনীয়ে চলোৱা অনুপ্রবেশ বিৰোধী অভিযানত সন্ত্ৰাসবাদী কেইটামানৰ সন্দেহজনক চালচলন ধৰা পৰে। পাছত সন্ত্ৰাসবাদীকেইটাই মুকলিকৈ গুলীচালনা কৰাত নিৰাপত্তা বাহিনীয়ে চলোৱা প্ৰতি আক্ৰমণত এটা সন্ত্রাসবাদী নিহত হয়। মৃত সন্ত্ৰাসবাদীটোৰ পৰিচয় নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। নিৰাপত্ত...

October 1, 2024 8:38 PM

views 33

জম্মু-কাশ্মীৰৰ তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ৫৬ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্রহণ আবেলি ৩ বজা পর্যন্ত ৫৬ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ৫ হাজাৰ ৬০ টা কেন্দ্ৰত ৰাতিপুৱা ৭ বজাৰ পৰা ভোটদান অনুষ্ঠিত হয়। জম্মু অঞ্চলৰ জম্মু, কথুৱা, চাম্বা, উধমপুৰ আৰু কাশ্মীৰ উপত্যকাৰ কপোৱাৰা, ৱাৰামুলা আৰু বান্দিপাৰা জিলাত নিৰাপত্...

September 14, 2024 7:06 PM

views 17

জম্মু-কাশ্মীৰত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত তিনিটা অচিনাক্ত সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত আজি পুৱা সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত তিনিটা অচিনাক্ত সন্ত্রাসবাদী নিহত হয়। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে ক্ৰীৰি অঞ্চলত সন্ত্ৰাসবাদী দলে সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰে। সুৰক্ষা বাহিনীয়েও গুলিৰে প্ৰত্যুত্তৰ দিয়ে। নিহত সন্ত্রাসবাদী কেইটাক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।

September 12, 2024 6:11 PM

views 20

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ

স্বায়ত্ত শাসিত জম্মু-কাশ্মীৰত অহা ১৮ ছেপ্তেম্বৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত কাশ্মীৰৰ দক্ষিণৰ চাৰিখন জিলাৰ ১৬ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি বিজবেহাৰা সমষ্টিতো এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। ৰাজনৈতিক দলসমূহৰ তাৰকা প্ৰচ...

September 9, 2024 5:42 PM

views 21

সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাত দুটা উগ্রপন্থী নিহত

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আজি পুৱা সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা উগ্রপন্থী নিহত হয়। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে ৰাজৌৰী জিলাৰ নাউচেৰাৰ লাম ছেক্টৰত কালি নিশা গুলীয়াগুলি আৰম্ভ হয়। উল্লেখযোগ্য যে আন্ধাৰৰ সুবিধা লৈ উগ্ৰপন্থী কেইটাই অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাই থকা আছিল। সেনা বাহিনীৰ লোকসকলে উগ্ৰপন্থীকেইটাৰ গতিবিধি লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে। ইফালে কান্‌চি অভিযানৰ সময়ছোৱাত যথেষ্ঠ সংখ্যক অস্ত্ৰ-শস্ত্র জব্দ কৰা হৈছে বুলি সেনা বাহিনীৰ তৰফৰ পৰা জানিবলৈ দিছে।

September 6, 2024 1:11 PM

views 44

জম্মু কাশ্মীৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৪০গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

ভাৰতীয় জনতা পাৰ্টীৰ জম্মু কাশ্মীৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৪০গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিছে। এইসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অন্যতম। কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, মনোহৰ লাল খট্টৰ, জি কিষাণ ৰেড্ডী, জিতেন্দ্ৰ সিং আৰু শিৱৰাজ সিং চৌহানেও দলৰ হকে প্ৰচাৰ চলাব। উল্লেখযোগ্য যে অহা ২৫ ছেপ্তেম্বৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোত দ্বিতীয় পৰ্যায়ৰ...