April 22, 2025 8:13 PM

views 20

পহলগামত অচিনাক্ত সন্ত্রাসবাদীৰ আক্ৰমণত কেইবাগৰাকী পৰ্যটকৰ হতাহত

জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত আজি অচিনাক্ত সন্ত্রাসবাদীৰ এটা গোটে পৰ্য্যটকৰ ওপৰত আক্ৰমণ চলায়। শ্ৰীনগৰৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ নিলগৰ পহলগামৰ বেইচৰণ বনাঞ্চলত এই আক্রমণ সংঘটিত হয়। আক্রমণত কেইজনমান পৰ্য্যটক আহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে আক্ৰমণত কিমানজন লোক আহত হৈছে, সেই বিষয়ে থিৰাংকৈ জানিব পৰা হোৱা নাই। আহতসকলক জিলা চিকিৎসালয়লৈ নিয়া হৈছে। সুৰক্ষা বাহিনীয়ে আক্ৰমণকাৰীসকলক কৰায়ত্ব কৰাৰ বাবে অঞ্চলটো ঘেৰি তালাচী অভিযান আৰম্ভ কৰিছে। কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই আক্ৰমণ...